Show/Hide Keyboard Layout

কিয় ৰৈ ৰৈ কেতেকী

- কমলানন্দ ভট্টাচাৰ্য্য

কিয় ৰৈ ৰৈ কেতেকী বিনা অ’

অমাতৰ মাত

তোৰে সমনীয়া

লগ চেমনীয়া

আহ উৰণীয়া

মেলি দিওঁ হাত

ৰ’দে বৰষুণে দুখ পাবি তাত ।

 

জোনবাই ধৰি দিম

সখি পাতি ওমলিম

শিতানতে শুব দিম

সোণৰ সঁজাত

চেনেহৰ চুমা দিম

পাখি হেঙুলীয়া গাত ।।

Hits: 1567